অসমীয়া
Surah Al-Masad ( The Palm Fibre ) - Aya count 5
تَبَّتْ يَدَآ أَبِى لَهَبٍۢ وَتَبَّ ﴿١﴾
ধ্বংস হওক আবু লাহাবৰ দুয়ো হাত আৰু সি নিজেও ধ্বংস হওক।
مَآ أَغْنَىٰ عَنْهُ مَالُهُۥ وَمَا كَسَبَ ﴿٢﴾
তাৰ ধন-সম্পদ আৰু তাৰ উপাৰ্জন তাৰ কোনো কামত নাহিল।
سَيَصْلَىٰ نَارًۭا ذَاتَ لَهَبٍۢ ﴿٣﴾
অতিশীঘ্ৰেই সি লেলিহান জুইত পতিত হ’ব।
وَٱمْرَأَتُهُۥ حَمَّالَةَ ٱلْحَطَبِ ﴿٤﴾
আৰু তাৰ স্ত্ৰীও- যিজনীয়ে ইন্ধন বহন কৰে,
فِى جِيدِهَا حَبْلٌۭ مِّن مَّسَدٍۭ ﴿٥﴾
তাইৰ ডিঙিত থাকিব পকোৱা টান ৰছী।