Surah Taha
অসমীয়া
طه ﴿١﴾
ত্বা-হা [1]
مَآ أَنزَلْنَا عَلَيْكَ ٱلْقُرْءَانَ لِتَشْقَىٰٓ ﴿٢﴾
তোমাক দুখ-কষ্টত পতিত কৰিবলৈ আমি তোমাৰ প্ৰতি কোৰআন অৱতীৰ্ণ কৰা নাই;
إِلَّا تَذْكِرَةًۭ لِّمَن يَخْشَىٰ ﴿٣﴾
বৰং যিয়ে (আল্লাহক) ভয় কৰে তাৰ বাবে উপদেশ স্বৰূপ (অৱতীৰ্ণ কৰিছোঁ),
تَنزِيلًۭا مِّمَّنْ خَلَقَ ٱلْأَرْضَ وَٱلسَّمَٰوَٰتِ ٱلْعُلَى ﴿٤﴾
এইখন তেওঁৰ ফালৰ পৰা অৱতীৰ্ণ; যিজনে পৃথিৱী আৰু সুউচ্চ আকাশসমূহ সৃষ্টি কৰিছে,
ٱلرَّحْمَٰنُ عَلَى ٱلْعَرْشِ ٱسْتَوَىٰ ﴿٥﴾
পৰম কৰুণাময় (ৰহমান) আৰছৰ ওপৰত উঠিছে।
لَهُۥ مَا فِى ٱلسَّمَٰوَٰتِ وَمَا فِى ٱلْأَرْضِ وَمَا بَيْنَهُمَا وَمَا تَحْتَ ٱلثَّرَىٰ ﴿٦﴾
আকাশসমূহ, পৃথিৱী আৰু এই দুয়োৰে মাজত যি যি আছে লগতে ভূ-গৰ্ভত যি আছে সেই সকলো তেওঁৰেই।
وَإِن تَجْهَرْ بِٱلْقَوْلِ فَإِنَّهُۥ يَعْلَمُ ٱلسِّرَّ وَأَخْفَى ﴿٧﴾
আৰু যদি তুমি উচ্চ কণ্ঠত কথা কোৱা (যদিও ইয়াৰ কোনো প্ৰয়োজন নাই), তেন্তে (জানি থোৱা) তেওঁ গোপন আৰু অব্যক্ত সকলো বিষয়ে অৱগত।
ٱللَّهُ لَآ إِلَٰهَ إِلَّا هُوَ ۖ لَهُ ٱلْأَسْمَآءُ ٱلْحُسْنَىٰ ﴿٨﴾
আল্লাহ, তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই, সুন্দৰ নামসমূহ কেৱল তেওঁৰেই।
وَهَلْ أَتَىٰكَ حَدِيثُ مُوسَىٰٓ ﴿٩﴾
আৰু মুছাৰ বৃত্তান্ত তোমাৰ ওচৰলৈ আহি পাইছেনে?
إِذْ رَءَا نَارًۭا فَقَالَ لِأَهْلِهِ ٱمْكُثُوٓاْ إِنِّىٓ ءَانَسْتُ نَارًۭا لَّعَلِّىٓ ءَاتِيكُم مِّنْهَا بِقَبَسٍ أَوْ أَجِدُ عَلَى ٱلنَّارِ هُدًۭى ﴿١٠﴾
তেওঁ যেতিয়া জুই দেখা পালে তেতিয়া তেওঁ নিজৰ পৰিয়ালবৰ্গক ক’লে, ‘তোমালোকে অপেক্ষা কৰা, নিশ্চয় মই জুই দেখা পাইছোঁ। আশা কৰোঁ মই তোমালোকৰ বাবে তাৰ পৰা অলপ জ্বলন্ত এঙাৰ আনিব পাৰিম নাইবা জুইৰ ওচৰত কোনো পথনিৰ্দেশ পাব পাৰোঁ’।
فَلَمَّآ أَتَىٰهَا نُودِىَ يَٰمُوسَىٰٓ ﴿١١﴾
যেতিয়া তেওঁ জুইৰ ওচৰ আহি পালে তেতিয়া তেওঁক আহ্বান কৰা হ’ল, ‘হে মুছা!
إِنِّىٓ أَنَا۠ رَبُّكَ فَٱخْلَعْ نَعْلَيْكَ ۖ إِنَّكَ بِٱلْوَادِ ٱلْمُقَدَّسِ طُوًۭى ﴿١٢﴾
‘নিশ্চয় ময়েই হৈছোঁ তোমাৰ প্ৰতিপালক, এতেকে তোমাৰ জোতাযোৰ খুলি পেলোৱা, কাৰণ তুমি এতিয়া পৱিত্ৰ তোৱা উপত্যকাত আছা।
وَأَنَا ٱخْتَرْتُكَ فَٱسْتَمِعْ لِمَا يُوحَىٰٓ ﴿١٣﴾
‘আৰু মই তোমাক মনোনীত কৰিছোঁ। এতেকে যি অহী প্ৰেৰণ কৰা হয় সেয়া মনোযোগ সহকাৰে শুনা।
إِنَّنِىٓ أَنَا ٱللَّهُ لَآ إِلَٰهَ إِلَّآ أَنَا۠ فَٱعْبُدْنِى وَأَقِمِ ٱلصَّلَوٰةَ لِذِكْرِىٓ ﴿١٤﴾
‘নিশ্চয় ময়েই আল্লাহ, মোৰ বাহিৰে আন কোনো সত্য ইলাহ নাই। এতেকে কেৱল মোৰেই ইবাদত কৰা আৰু মোৰ স্মৰণাৰ্থে ছালাত কায়েম কৰা।
إِنَّ ٱلسَّاعَةَ ءَاتِيَةٌ أَكَادُ أُخْفِيهَا لِتُجْزَىٰ كُلُّ نَفْسٍۭ بِمَا تَسْعَىٰ ﴿١٥﴾
‘নিশ্চয় কিয়ামত অৱশ্যম্ভাৱী, মই এইটো গোপন ৰাখিব বিচাৰোঁ, যাতে প্ৰত্যেককে নিজ নিজ চেষ্টা-সাধনা অনুযায়ী প্ৰতিদান দিব পৰা যায়।
فَلَا يَصُدَّنَّكَ عَنْهَا مَن لَّا يُؤْمِنُ بِهَا وَٱتَّبَعَ هَوَىٰهُ فَتَرْدَىٰ ﴿١٦﴾
‘এতেকে যি ব্যক্তিয়ে কিয়ামতৰ প্ৰতি ঈমান পোষণ নকৰে আৰু নিজৰ প্ৰবৃত্তিৰ অনুসৰণ কৰে, সি যেন তোমাক ইয়াৰ প্ৰতি ঈমান আনিবলৈ বিৰত ৰাখিব নোৱাৰে, অন্যথা তুমি ধ্বংস হৈ যাবা।
وَمَا تِلْكَ بِيَمِينِكَ يَٰمُوسَىٰ ﴿١٧﴾
‘আৰু হে মুছা! তোমাৰ সোঁহাতত সেইডাল কি’?
قَالَ هِىَ عَصَاىَ أَتَوَكَّؤُاْ عَلَيْهَا وَأَهُشُّ بِهَا عَلَىٰ غَنَمِى وَلِىَ فِيهَا مَـَٔارِبُ أُخْرَىٰ ﴿١٨﴾
তেওঁ ক’লে, ‘এইডাল হৈছে মোৰ লাখুটি, ইয়াৰ ওপৰত মই ভৰ দিওঁ, আৰু ইয়াৰ দ্বাৰা মই মোৰ ছাগলীবোৰৰ বাবে গছৰ পাত সৰাওঁ, লগতে এইডাল মোৰ অন্যান্য কামতো আহে’।
قَالَ أَلْقِهَا يَٰمُوسَىٰ ﴿١٩﴾
আল্লাহে ক’লে, ‘হে মুছা! তুমি এইডাল (মাটিত) নিক্ষেপ কৰাচোন’।
فَأَلْقَىٰهَا فَإِذَا هِىَ حَيَّةٌۭ تَسْعَىٰ ﴿٢٠﴾
তাৰ পিছত তেওঁ সেই লাখুটিডাল নিক্ষেপ কৰিলে, লগে লগে সেয়া এডাল সাপ হৈ দৌৰিবলৈ ধৰিলে,
قَالَ خُذْهَا وَلَا تَخَفْ ۖ سَنُعِيدُهَا سِيرَتَهَا ٱلْأُولَىٰ ﴿٢١﴾
আল্লাহে ক’লে, ‘তুমি ইয়াক ধৰা, ভয় নকৰিবা, আমি ইয়াক ইয়াৰ আগৰ অৱস্থালৈ ওভতাই দিম।
وَٱضْمُمْ يَدَكَ إِلَىٰ جَنَاحِكَ تَخْرُجْ بَيْضَآءَ مِنْ غَيْرِ سُوٓءٍ ءَايَةً أُخْرَىٰ ﴿٢٢﴾
‘আৰু তুমি তোমাৰ হাতখন কাষলতিত ৰাখা, কোনো ধৰণৰ ত্ৰুটি নোহোৱাকৈ উজ্জ্বল হৈ ওলাই আহিব, এইটো হৈছে আন এটা নিদৰ্শন।
لِنُرِيَكَ مِنْ ءَايَٰتِنَا ٱلْكُبْرَى ﴿٢٣﴾
‘এইটো এইকাৰণে যে, আমি তোমাক আমাৰ কিছুমান মহান নিদৰ্শনাৱলী দেখুৱাম।
ٱذْهَبْ إِلَىٰ فِرْعَوْنَ إِنَّهُۥ طَغَىٰ ﴿٢٤﴾
‘তুমি ফিৰআউনৰ ওচৰলৈ যোৱা, নিশ্চয় সি সীমালঙ্ঘন কৰিছে’।
قَالَ رَبِّ ٱشْرَحْ لِى صَدْرِى ﴿٢٥﴾
মুছাই ক’লে, ‘হে মোৰ প্ৰতিপালক! মোৰ বুকু প্ৰশস্ত কৰি দিয়া।
وَيَسِّرْ لِىٓ أَمْرِى ﴿٢٦﴾
‘আৰু মোৰ কাম সহজ কৰি দিয়া,
وَٱحْلُلْ عُقْدَةًۭ مِّن لِّسَانِى ﴿٢٧﴾
‘আৰু মোৰ জিভাৰ জড়তা দূৰ কৰি দিয়া-
يَفْقَهُواْ قَوْلِى ﴿٢٨﴾
‘যাতে সিহঁতে মোৰ কথা বুজিব পাৰে।
وَٱجْعَل لِّى وَزِيرًۭا مِّنْ أَهْلِى ﴿٢٩﴾
‘আৰু মোৰ পৰিয়ালৰ মাজৰ পৰা মোৰ বাবে এজন সহায়ক নিৰ্ধাৰণ কৰি দিয়া;
هَٰرُونَ أَخِى ﴿٣٠﴾
‘মোৰ ভাই হাৰূনক;
ٱشْدُدْ بِهِۦٓ أَزْرِى ﴿٣١﴾
‘তেওঁৰ দ্বাৰা মোৰ শক্তি সুদৃঢ় কৰা,
وَأَشْرِكْهُ فِىٓ أَمْرِى ﴿٣٢﴾
‘আৰু তেওঁক মোৰ কামত অংশীদাৰ কৰা,
كَىْ نُسَبِّحَكَ كَثِيرًۭا ﴿٣٣﴾
‘যাতে আমি তোমাৰ বেছি বেছি তাছবীহ পাঠ কৰিব পাৰোঁ,
وَنَذْكُرَكَ كَثِيرًا ﴿٣٤﴾
‘আৰু অধিক পৰিমাণে তোমাক স্মৰণ কৰিব পাৰোঁ।
إِنَّكَ كُنتَ بِنَا بَصِيرًۭا ﴿٣٥﴾
‘নিশ্চয় তুমি আমাৰ সম্যক দ্ৰষ্টা’।
قَالَ قَدْ أُوتِيتَ سُؤْلَكَ يَٰمُوسَىٰ ﴿٣٦﴾
তেওঁ ক’লে, ‘হে মুছা! তুমি যি বিচাৰিছা সেয়া তোমাক প্ৰদান কৰা হ’ল।
وَلَقَدْ مَنَنَّا عَلَيْكَ مَرَّةً أُخْرَىٰٓ ﴿٣٧﴾
‘নিশ্চয় আমি তোমাৰ প্ৰতি আৰু এবাৰ অনুগ্ৰহ কৰিছিলোঁ;
إِذْ أَوْحَيْنَآ إِلَىٰٓ أُمِّكَ مَا يُوحَىٰٓ ﴿٣٨﴾
‘যেতিয়া আমি তোমাৰ মাকক যি জনাবলগীয়া আছিল সেয়া জনাইছিলোঁ,
أَنِ ٱقْذِفِيهِ فِى ٱلتَّابُوتِ فَٱقْذِفِيهِ فِى ٱلْيَمِّ فَلْيُلْقِهِ ٱلْيَمُّ بِٱلسَّاحِلِ يَأْخُذْهُ عَدُوٌّۭ لِّى وَعَدُوٌّۭ لَّهُۥ ۚ وَأَلْقَيْتُ عَلَيْكَ مَحَبَّةًۭ مِّنِّى وَلِتُصْنَعَ عَلَىٰ عَيْنِىٓ ﴿٣٩﴾
‘যে, তুমি ইয়াক বাকচৰ ভিতৰত ৰাখি দিয়া, তাৰ পিছত ইয়াক (নীল) নদীত উটুৱাই দিয়া, যাতে নদীয়ে ইয়াক পাৰলৈ ঠেলি দিয়ে, ফলত ইয়াক মোৰ আৰু তেওঁৰ শত্ৰুৱে উঠাই লৈ যাব। মই মোৰ ফালৰ পৰা তোমাৰ প্ৰতি মুহাব্বত ঢালি দিছিলোঁ, যাতে তুমি মোৰ চকুৰ আগত প্ৰতিপালিত হোৱা’।
إِذْ تَمْشِىٓ أُخْتُكَ فَتَقُولُ هَلْ أَدُلُّكُمْ عَلَىٰ مَن يَكْفُلُهُۥ ۖ فَرَجَعْنَٰكَ إِلَىٰٓ أُمِّكَ كَىْ تَقَرَّ عَيْنُهَا وَلَا تَحْزَنَ ۚ وَقَتَلْتَ نَفْسًۭا فَنَجَّيْنَٰكَ مِنَ ٱلْغَمِّ وَفَتَنَّٰكَ فُتُونًۭا ۚ فَلَبِثْتَ سِنِينَ فِىٓ أَهْلِ مَدْيَنَ ثُمَّ جِئْتَ عَلَىٰ قَدَرٍۢ يَٰمُوسَىٰ ﴿٤٠﴾
‘যেতিয়া তোমাৰ বায়েৰে (বাকচটোক অনুসৰণ কৰি) খোজ কাঢ়ি গৈ আছিল, তাৰ পিছত (সিহঁতক) তেওঁ ক’লে, ‘মই তোমালোকক এনে কাৰোবাৰ সন্ধান দিমনে যিয়ে এই শিশুৰ দায়িত্বভাৰ লব পাৰিব’? ফলত আমি তোমাক তোমাৰ মাতৃৰ ওচৰলৈ ঘূৰাই আনিলোঁ, যাতে তেওঁৰ চকু জুৰ পৰে আৰু শোকত ভাগি নপৰে, আৰু তুমি এজন ব্যক্তিক হত্যা কৰিছিলা; তথাপিও আমি তোমাক মনোকষ্টৰ পৰা মুক্তি দিছিলোঁ আৰু আমি তোমাক বহু পৰীক্ষা কৰিছোঁ। হে মুছা! তাৰ পিছত তুমি কেইবা বছৰো মাদাইনবাসীৰ মাজত অৱস্থান কৰিছিলা, ইয়াৰ পিছতহে তুমি নিৰ্ধাৰিত সময়ত উপস্থিত হ’লা।
وَٱصْطَنَعْتُكَ لِنَفْسِى ﴿٤١﴾
‘আৰু মই তোমাক মোৰ নিজৰ বাবে প্ৰস্তুত কৰি (মনোনীত কৰি) লৈছোঁ।
ٱذْهَبْ أَنتَ وَأَخُوكَ بِـَٔايَٰتِى وَلَا تَنِيَا فِى ذِكْرِى ﴿٤٢﴾
‘তুমি আৰু তোমাৰ ভাই মোৰ নিদৰ্শনসমূহ লৈ যাত্ৰা কৰা আৰু মোৰ স্মৰণৰ ক্ষেত্ৰত কোনো ধৰণৰ অলসতা নকৰিবা,
ٱذْهَبَآ إِلَىٰ فِرْعَوْنَ إِنَّهُۥ طَغَىٰ ﴿٤٣﴾
‘তোমালোকে দুয়ো ফিৰআউনৰ ওচৰলৈ যোৱা, নিশ্চয় সি সীমালঙ্ঘন কৰিছে।
فَقُولَا لَهُۥ قَوْلًۭا لَّيِّنًۭا لَّعَلَّهُۥ يَتَذَكَّرُ أَوْ يَخْشَىٰ ﴿٤٤﴾
‘তোমালোকে তাৰ লগত নম্ৰভাৱে কথা ক'বা, হয়তো সি উপদেশ গ্ৰহণ কৰিব অথবা ভয় কৰিব’।
قَالَا رَبَّنَآ إِنَّنَا نَخَافُ أَن يَفْرُطَ عَلَيْنَآ أَوْ أَن يَطْغَىٰ ﴿٤٥﴾
তেওঁলোকে ক’লে, ‘হে আমাৰ প্ৰতিপালক! আমাৰ আশংকা হৈছে সি আমাৰ লগত দুৰ্ব্যৱহাৰ কৰিব নাইবা অন্যায় আচৰণত সীমালঙ্ঘন কৰিব’।
قَالَ لَا تَخَافَآ ۖ إِنَّنِى مَعَكُمَآ أَسْمَعُ وَأَرَىٰ ﴿٤٦﴾
তেওঁ ক’লে, ‘তোমালোকে ভয় নকৰিবা, নিশ্চয় মই তোমালোকৰ লগত আছোঁ, মই শুনো আৰু দেখোঁ’।
فَأْتِيَاهُ فَقُولَآ إِنَّا رَسُولَا رَبِّكَ فَأَرْسِلْ مَعَنَا بَنِىٓ إِسْرَٰٓءِيلَ وَلَا تُعَذِّبْهُمْ ۖ قَدْ جِئْنَٰكَ بِـَٔايَةٍۢ مِّن رَّبِّكَ ۖ وَٱلسَّلَٰمُ عَلَىٰ مَنِ ٱتَّبَعَ ٱلْهُدَىٰٓ ﴿٤٧﴾
এতেকে তোমালোকে তাৰ ওচৰলৈ যোৱা আৰু কোৱাগৈ যে, ‘আমি দুয়ো তোমাৰ প্ৰতিপালকৰ (তৰফৰ পৰা প্ৰেৰিত) ৰাছুল, সেয়ে আমাৰ লগত বনী ইছৰাঈলক যাবলৈ দিয়া আৰু সিহঁতক কষ্ট নিদিবা, আমি তোমাৰ ওচৰত তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা নিদৰ্শন লৈ আহিছোঁ; আৰু যিসকলে সৎপথ অনুসৰণ কৰে তেওঁলোকৰ প্ৰতি শান্তি বৰ্ষিত হওক।
إِنَّا قَدْ أُوحِىَ إِلَيْنَآ أَنَّ ٱلْعَذَابَ عَلَىٰ مَن كَذَّبَ وَتَوَلَّىٰ ﴿٤٨﴾
‘নিশ্চয় আমাৰ প্ৰতি অহী প্ৰেৰণ কৰা হৈছে যে, শাস্তি কেৱল তাৰ বাবে যিয়ে (সত্যক) অস্বীকাৰ কৰে আৰু মুখ ঘূৰাই লয়’।
قَالَ فَمَن رَّبُّكُمَا يَٰمُوسَىٰ ﴿٤٩﴾
ফিৰআউনে ক’লে, ‘হে মুছা! তেনেহ’লে তোমালোকৰ ৰব কোন’?
قَالَ رَبُّنَا ٱلَّذِىٓ أَعْطَىٰ كُلَّ شَىْءٍ خَلْقَهُۥ ثُمَّ هَدَىٰ ﴿٥٠﴾
মুছাই ক’লে, ‘তেৱেঁই হৈছে আমাৰ ৰব (প্ৰতিপালক), যিজনে প্ৰত্যেক বস্তুক উপযুক্ত আকৃতি দান কৰিছে, তাৰ পিছত সঠিক পথ নিৰ্দেশ কৰিছে’।
قَالَ فَمَا بَالُ ٱلْقُرُونِ ٱلْأُولَىٰ ﴿٥١﴾
ফিৰআউনে ক’লে, ‘তেনেহ’লে অতীত যুগৰ লোকসকলৰ অৱস্থা কি’?
قَالَ عِلْمُهَا عِندَ رَبِّى فِى كِتَٰبٍۢ ۖ لَّا يَضِلُّ رَبِّى وَلَا يَنسَى ﴿٥٢﴾
মুছাই ক’লে, ‘ইয়াৰ জ্ঞান মোৰ প্ৰতিপালকৰ ওচৰত কিতাবত আছে, মোৰ প্ৰতিপালকে ভুল নকৰে আৰু বিস্মৃতও নহয়’।
ٱلَّذِى جَعَلَ لَكُمُ ٱلْأَرْضَ مَهْدًۭا وَسَلَكَ لَكُمْ فِيهَا سُبُلًۭا وَأَنزَلَ مِنَ ٱلسَّمَآءِ مَآءًۭ فَأَخْرَجْنَا بِهِۦٓ أَزْوَٰجًۭا مِّن نَّبَاتٍۢ شَتَّىٰ ﴿٥٣﴾
‘যিজনে তোমালোকৰ বাবে পৃথিৱীখনক শয্যাৰূপে পাৰি দিছে আৰু তাত তোমালোকৰ বাবে চলাৰ পথ কৰি দিছে, আৰু তেৱেঁই আকাশৰ পৰা পানী বৰ্ষণ কৰে’। ফলত তাৰ দ্বাৰা আমি বিভিন্ন প্ৰকাৰৰ উদ্ভিদ উৎপন্ন কৰোঁ।
كُلُواْ وَٱرْعَوْاْ أَنْعَٰمَكُمْ ۗ إِنَّ فِى ذَٰلِكَ لَءَايَٰتٍۢ لِّأُوْلِى ٱلنُّهَىٰ ﴿٥٤﴾
তোমালোকে খোৱা আৰু তোমালোকৰ ঘৰচীয়া জন্তুবোৰকো চৰোৱা; নিশ্চয় ইয়াত বিবেকসম্পন্ন ব্যক্তিসকলৰ বাবে নিদৰ্শন আছে।
۞ مِنْهَا خَلَقْنَٰكُمْ وَفِيهَا نُعِيدُكُمْ وَمِنْهَا نُخْرِجُكُمْ تَارَةً أُخْرَىٰ ﴿٥٥﴾
আমি তোমালোকক মাটিৰ পৰাই সৃষ্টি কৰিছোঁ, তালৈকেই তোমালোকক ওভতাই দিম আৰু তাৰ পৰাই তোমালোকক পুনৰ উলিয়াই আনিম।
وَلَقَدْ أَرَيْنَٰهُ ءَايَٰتِنَا كُلَّهَا فَكَذَّبَ وَأَبَىٰ ﴿٥٦﴾
নিশ্চয় আমি তাক আমাৰ প্ৰত্যেকটো নিদৰ্শন দেখুৱাইছিলোঁ; কিন্তু সি অস্বীকাৰ কৰিছে আৰু অমান্য কৰিছে।
قَالَ أَجِئْتَنَا لِتُخْرِجَنَا مِنْ أَرْضِنَا بِسِحْرِكَ يَٰمُوسَىٰ ﴿٥٧﴾
সি ক’লে, ‘হে মুছা! তুমি তোমাৰ যাদুৰ দ্বাৰা আমাক আমাৰ দেশৰ পৰা বহিষ্কাৰ কৰিবলৈ আহিছা নেকি’?
فَلَنَأْتِيَنَّكَ بِسِحْرٍۢ مِّثْلِهِۦ فَٱجْعَلْ بَيْنَنَا وَبَيْنَكَ مَوْعِدًۭا لَّا نُخْلِفُهُۥ نَحْنُ وَلَآ أَنتَ مَكَانًۭا سُوًۭى ﴿٥٨﴾
‘তেনেহ’লে নিশ্চয় আমিও তোমাৰ ওচৰলৈ অনুৰূপ যাদু উপস্থিত কৰিম, গতিকে আমাৰ আৰু তোমাৰ মাজত তুমি এটা সময় নিৰ্ধাৰণ কৰা, যিটোক আমিও লঙ্ঘন নকৰোঁ আৰু তুমিও লঙ্ঘন নকৰিবা’।
قَالَ مَوْعِدُكُمْ يَوْمُ ٱلزِّينَةِ وَأَن يُحْشَرَ ٱلنَّاسُ ضُحًۭى ﴿٥٩﴾
মুছাই ক’লে, ‘উৎসৱৰ দিনটোৱে তোমালোকৰ বাবে নিৰ্ধাৰিত সময় আৰু (সেইদিনা) যাতে পূৰ্বাহ্নতেই জনগণক সমবেত কৰা হয়’।
فَتَوَلَّىٰ فِرْعَوْنُ فَجَمَعَ كَيْدَهُۥ ثُمَّ أَتَىٰ ﴿٦٠﴾
লগে লগে ফিৰআউনে প্ৰস্থান কৰি তাৰ যাৱতীয় কৌশল একত্ৰিত কৰিলে, তাৰ পিছত সি আহিল।
قَالَ لَهُم مُّوسَىٰ وَيْلَكُمْ لَا تَفْتَرُواْ عَلَى ٱللَّهِ كَذِبًۭا فَيُسْحِتَكُم بِعَذَابٍۢ ۖ وَقَدْ خَابَ مَنِ ٱفْتَرَىٰ ﴿٦١﴾
মুছাই সিহঁতক ক’লে, ‘দূৰ্ভোগ তোমালোকৰ! তোমালোকে আল্লাহৰ ওপৰত মিছা আৰোপ নকৰিবা। অন্যথা তেওঁ তোমালোকক শাস্তিৰ দ্বাৰা সমূলি ধ্বংস কৰিব, আৰু যিয়ে মিছা উদ্ভাৱন কৰিছে সিয়েই ব্যৰ্থ হৈছে’।
فَتَنَٰزَعُوٓاْ أَمْرَهُم بَيْنَهُمْ وَأَسَرُّواْ ٱلنَّجْوَىٰ ﴿٦٢﴾
তেতিয়া সিহঁতে নিজৰ মাজতে সিহঁতৰ কৰ্ম সম্পৰ্কে বাক-বিতণ্ডা কৰিলে আৰু সিহঁতে গোপনে পৰামৰ্শ কৰিলে।
قَالُوٓاْ إِنْ هَٰذَٰنِ لَسَٰحِرَٰنِ يُرِيدَانِ أَن يُخْرِجَاكُم مِّنْ أَرْضِكُم بِسِحْرِهِمَا وَيَذْهَبَا بِطَرِيقَتِكُمُ ٱلْمُثْلَىٰ ﴿٦٣﴾
সিহঁতে ক’লে, ‘ইহঁত দুজন নিশ্চয় যাদুকৰ, ইহঁতে ইহঁতৰ যাদুৰ দ্বাৰা তোমালোকক তোমালোকৰ দেশৰ পৰা বহিষ্কাৰ কৰিব বিচাৰে আৰু তোমালোকৰ উৎকৃষ্ট জীৱন পদ্ধতি ধ্বংস কৰিব বিচাৰে।
فَأَجْمِعُواْ كَيْدَكُمْ ثُمَّ ٱئْتُواْ صَفًّۭا ۚ وَقَدْ أَفْلَحَ ٱلْيَوْمَ مَنِ ٱسْتَعْلَىٰ ﴿٦٤﴾
‘এতেকে তোমালোকে তোমালোকৰ কৌশল (যাদুক্ৰিয়া) গোটাই লোৱা, তাৰ পিছত শাৰীবদ্ধ হৈ উপস্থিত হোৱা; আৰু আজি যিয়ে জয় লাভ কৰিব সিয়ে সফল হ’ব’।
قَالُواْ يَٰمُوسَىٰٓ إِمَّآ أَن تُلْقِىَ وَإِمَّآ أَن نَّكُونَ أَوَّلَ مَنْ أَلْقَىٰ ﴿٦٥﴾
সিহঁতে ক’লে, ‘হে মুছা! হ’লে তুমি আগতে নিক্ষেপ কৰা, নহ'লে প্ৰথমে আমিয়ে নিক্ষেপকাৰী হম’।
قَالَ بَلْ أَلْقُواْ ۖ فَإِذَا حِبَالُهُمْ وَعِصِيُّهُمْ يُخَيَّلُ إِلَيْهِ مِن سِحْرِهِمْ أَنَّهَا تَسْعَىٰ ﴿٦٦﴾
মুছাই ক’লে, ‘বৰং তোমালোকেই (আগতে) নিক্ষেপ কৰা’। ফলত (সিহঁতে নিক্ষেপ কৰাৰ) লগে লগে সিহঁতৰ যাদুৰ প্ৰভাৱত মুছাৰ এনেকুৱা লাগিল যেনিবা সিহঁতৰ জৰীবোৰ আৰু লাঠিসমূহ কেৰমেৰ কৰি আছে।
فَأَوْجَسَ فِى نَفْسِهِۦ خِيفَةًۭ مُّوسَىٰ ﴿٦٧﴾
তেতিয়া মুছাই অন্তৰত অলপ ভীতি অনুভৱ কৰিলে।
قُلْنَا لَا تَخَفْ إِنَّكَ أَنتَ ٱلْأَعْلَىٰ ﴿٦٨﴾
আমি ক’লোঁ, ‘তুমি ভয় নকৰিবা, নিশ্চয় তুমিয়েই জয় লাভ কৰিবা।
وَأَلْقِ مَا فِى يَمِينِكَ تَلْقَفْ مَا صَنَعُوٓاْ ۖ إِنَّمَا صَنَعُواْ كَيْدُ سَٰحِرٍۢ ۖ وَلَا يُفْلِحُ ٱلسَّاحِرُ حَيْثُ أَتَىٰ ﴿٦٩﴾
‘আৰু তোমাৰ সোঁ হাতত যি আছে সেয়া নিক্ষেপ কৰা, এইটোৱে সিহঁতে যি কৰিছে সেইবোৰক খাই পেলাব। সিহঁতে যি কৰিছে সেইবোৰ হৈছে কেৱল যাদুকৰৰ কৌশল; আৰু যাদুকৰ য’ৰ পৰাই নাহক কিয়, কেতিয়াও সফল নহ’ব’।
فَأُلْقِىَ ٱلسَّحَرَةُ سُجَّدًۭا قَالُوٓاْ ءَامَنَّا بِرَبِّ هَٰرُونَ وَمُوسَىٰ ﴿٧٠﴾
ফলত যাদুকৰসকলে ছাজদাৱনত হ’ল, সিহঁতে ক’লে, ‘আমি হাৰূন আৰু মুছাৰ প্ৰতিপালকৰ প্ৰতি ঈমান আনিলোঁ’।
قَالَ ءَامَنتُمْ لَهُۥ قَبْلَ أَنْ ءَاذَنَ لَكُمْ ۖ إِنَّهُۥ لَكَبِيرُكُمُ ٱلَّذِى عَلَّمَكُمُ ٱلسِّحْرَ ۖ فَلَأُقَطِّعَنَّ أَيْدِيَكُمْ وَأَرْجُلَكُم مِّنْ خِلَٰفٍۢ وَلَأُصَلِّبَنَّكُمْ فِى جُذُوعِ ٱلنَّخْلِ وَلَتَعْلَمُنَّ أَيُّنَآ أَشَدُّ عَذَابًۭا وَأَبْقَىٰ ﴿٧١﴾
ফিৰআউনে ক’লে, ‘মই তোমালোকক অনুমতি দিয়াৰ আগতেই তোমালোকে তাৰ প্ৰতি বিশ্বাস স্থাপন কৰিলা! নিশ্চয় সিয়ে তোমালোকৰ প্ৰধান, সিয়েই তোমালোকক যাদু শিকাইছে। গতিকে নিশ্চয় মই তোমালোকৰ হাত ভৰি বিপৰীত দিশৰ পৰা কাটিম আৰু মই তোমালোকক খেজুৰ গছৰ কাণ্ডত শূলবিদ্ধ কৰিম আৰু তোমালোকে অৱশ্যে জানিব পাৰিবা আমাৰ মাজত কাৰ শাস্তি বেছি কঠোৰ আৰু অধিক স্থায়ী’।
قَالُواْ لَن نُّؤْثِرَكَ عَلَىٰ مَا جَآءَنَا مِنَ ٱلْبَيِّنَٰتِ وَٱلَّذِى فَطَرَنَا ۖ فَٱقْضِ مَآ أَنتَ قَاضٍ ۖ إِنَّمَا تَقْضِى هَٰذِهِ ٱلْحَيَوٰةَ ٱلدُّنْيَآ ﴿٧٢﴾
সিহঁতে ক’লে, ‘আমাৰ ওচৰত যিবোৰ স্পষ্ট নিদৰ্শন আহিছে তাৰ ওপৰত আৰু যিজনে আমাক সৃষ্টি কৰিছে তেওঁৰ ওপৰত আমি তোমাক কেতিয়াও প্ৰধান্য নিদিওঁ। সেয়ে তোমাৰ যি সিদ্ধান্ত লব লগা আছে লোৱা। তুমি কেৱল এই পাৰ্থিৱ জীৱনৰ ওপৰতেই কৰ্তৃত্ব কৰিব পাৰা’।
إِنَّآ ءَامَنَّا بِرَبِّنَا لِيَغْفِرَ لَنَا خَطَٰيَٰنَا وَمَآ أَكْرَهْتَنَا عَلَيْهِ مِنَ ٱلسِّحْرِ ۗ وَٱللَّهُ خَيْرٌۭ وَأَبْقَىٰٓ ﴿٧٣﴾
‘নিশ্চয় আমি আমাৰ প্ৰতিপালকৰ প্ৰতি ঈমান আনিছোঁ, যাতে তেওঁ আমাৰ অপৰাধসমূহ ক্ষমা কৰি দিয়ে, আৰু তুমি আমাক যি যাদু কৰিবলৈ বাধ্য কৰাইছিলা তাৰ পাপসমূহ যাতে ক্ষমা কৰি দিয়ে, আৰু আল্লাহ শ্ৰেষ্ঠ তথা স্থায়ী’।
إِنَّهُۥ مَن يَأْتِ رَبَّهُۥ مُجْرِمًۭا فَإِنَّ لَهُۥ جَهَنَّمَ لَا يَمُوتُ فِيهَا وَلَا يَحْيَىٰ ﴿٧٤﴾
নিশ্চয় যিয়ে তাৰ প্ৰতিপালকৰ ওচৰত অপৰাধী হৈ উপস্থিত হ’ব, নিশ্চয় তাৰ বাবে আছে জাহান্নাম, সি তাত মৃত্যুবৰণো নকৰিব আৰু জীয়াই থাকিবও নোৱাৰিব।
وَمَن يَأْتِهِۦ مُؤْمِنًۭا قَدْ عَمِلَ ٱلصَّٰلِحَٰتِ فَأُوْلَٰٓئِكَ لَهُمُ ٱلدَّرَجَٰتُ ٱلْعُلَىٰ ﴿٧٥﴾
আনহাতে যিয়ে তেওঁৰ ওচৰত সৎকৰ্ম কৰি মুমিন অৱস্থাত আহিব, তেওঁলোকৰ বাবে আছে উচ্চ মৰ্যাদা।
جَنَّٰتُ عَدْنٍۢ تَجْرِى مِن تَحْتِهَا ٱلْأَنْهَٰرُ خَٰلِدِينَ فِيهَا ۚ وَذَٰلِكَ جَزَآءُ مَن تَزَكَّىٰ ﴿٧٦﴾
স্থায়ী জান্নাত, যাৰ তলত নদীসমূহ প্ৰবাহিত থাকিব, তাত তেওঁলোকে চিৰস্থায়ী হ'ব আৰু এইটো তেওঁলোকৰেই পুৰস্কাৰ যিসকলে পৰিশুদ্ধ হয়।
وَلَقَدْ أَوْحَيْنَآ إِلَىٰ مُوسَىٰٓ أَنْ أَسْرِ بِعِبَادِى فَٱضْرِبْ لَهُمْ طَرِيقًۭا فِى ٱلْبَحْرِ يَبَسًۭا لَّا تَخَٰفُ دَرَكًۭا وَلَا تَخْشَىٰ ﴿٧٧﴾
আৰু নিশ্চয় আমি মুছাৰ প্ৰতি অহী কৰিছিলোঁ এই কথা কৈ যে, মোৰ বান্দাসকলক লৈ তুমি ৰাতিৰ ভিতৰতে ওলাই যোৱা, এতেকে তুমি সিহঁতৰ বাবে সাগৰৰ মাজেৰে এটি শুকান পথৰ ব্যৱস্থা কৰা, পিচফালৰ পৰা আহি ধৰাৰ আশংকা নকৰিবা আৰু ভয়ও নকৰিবা।
فَأَتْبَعَهُمْ فِرْعَوْنُ بِجُنُودِهِۦ فَغَشِيَهُم مِّنَ ٱلْيَمِّ مَا غَشِيَهُمْ ﴿٧٨﴾
তাৰ পিছত ফিৰআউনে তাৰ সৈন্যবাহিনীক লগত লৈ তেওঁলোকক চোঁচা ল’লে, ফলত সাগৰে সিহঁতক সম্পূৰ্ণৰূপে ডুবাই নিলে।
وَأَضَلَّ فِرْعَوْنُ قَوْمَهُۥ وَمَا هَدَىٰ ﴿٧٩﴾
কাৰণ ফিৰআউনে তাৰ সম্প্ৰদায়ক পথভ্ৰষ্ট কৰিছিল আৰু সৎপথ দেখুৱা নাছিল।
يَٰبَنِىٓ إِسْرَٰٓءِيلَ قَدْ أَنجَيْنَٰكُم مِّنْ عَدُوِّكُمْ وَوَٰعَدْنَٰكُمْ جَانِبَ ٱلطُّورِ ٱلْأَيْمَنَ وَنَزَّلْنَا عَلَيْكُمُ ٱلْمَنَّ وَٱلسَّلْوَىٰ ﴿٨٠﴾
হে বনী ইছৰাঈল! নিশ্চয় আমি তোমালোকক তোমালোকৰ শত্ৰুৰ পৰা উদ্ধাৰ কৰিছিলোঁ, আৰু আমিয়ে তোমালোকক প্ৰতিশ্ৰুতি দিছিলোঁ তূৰ পৰ্বতৰ সোঁফালে, আৰু তোমালোকৰ ওপৰত মান্না আৰু ছালৱা অৱতীৰ্ণ কৰিছিলোঁ,
كُلُواْ مِن طَيِّبَٰتِ مَا رَزَقْنَٰكُمْ وَلَا تَطْغَوْاْ فِيهِ فَيَحِلَّ عَلَيْكُمْ غَضَبِى ۖ وَمَن يَحْلِلْ عَلَيْهِ غَضَبِى فَقَدْ هَوَىٰ ﴿٨١﴾
তোমালোকক আমি যি জীৱিকা দান কৰিছোঁ তাৰ পৰা পৱিত্ৰ বস্তুসমূহ খোৱা আৰু এই বিষয়ে সীমালঙ্ঘন নকৰিবা, অন্যথা তোমালোকৰ ওপৰত মোৰ ক্ৰোধ আপতিত হ’ব; আৰু যাৰ ওপৰত মোৰ ক্ৰোধ আপতিত হয় নিশ্চিতভাৱে সি ধ্বংস হৈ যায়।
وَإِنِّى لَغَفَّارٌۭ لِّمَن تَابَ وَءَامَنَ وَعَمِلَ صَٰلِحًۭا ثُمَّ ٱهْتَدَىٰ ﴿٨٢﴾
আৰু নিশ্চয় মই সেই ব্যক্তিৰ প্ৰতি ক্ষমাশীল, যিয়ে তাওবা কৰে, ঈমান পোষণ কৰে, সৎকৰ্ম কৰে আৰু তাৰ পিছত সৎপথত অবিচল থাকে।
۞ وَمَآ أَعْجَلَكَ عَن قَوْمِكَ يَٰمُوسَىٰ ﴿٨٣﴾
হে মুছা! তোমাৰ সম্প্ৰদায়ক পিচফালে এৰি থৈ তোমাক খৰখেদা কৰিবলৈ কিহে বাধ্য কৰালে?
قَالَ هُمْ أُوْلَآءِ عَلَىٰٓ أَثَرِى وَعَجِلْتُ إِلَيْكَ رَبِّ لِتَرْضَىٰ ﴿٨٤﴾
মুছাই ক’লে, ‘সিহঁত মোৰ পিচে পিচে আছেই দেখোন, হে মোৰ প্ৰতিপালক! মই তোমাৰ ওচৰত খৰখেদা কৈ আহিছোঁ যাতে তুমি সন্তুষ্ট হোৱা’।
قَالَ فَإِنَّا قَدْ فَتَنَّا قَوْمَكَ مِنۢ بَعْدِكَ وَأَضَلَّهُمُ ٱلسَّامِرِىُّ ﴿٨٥﴾
তেওঁ ক’লে, ‘তুমি গুচি অহাৰ পিছত আমি তোমাৰ সম্প্ৰদায়ক পৰীক্ষাৰ সন্মুখীন কৰিছোঁ, আৰু ছামেৰীয়ে সিহঁতক পথভ্ৰষ্ট কৰিছে’।
فَرَجَعَ مُوسَىٰٓ إِلَىٰ قَوْمِهِۦ غَضْبَٰنَ أَسِفًۭا ۚ قَالَ يَٰقَوْمِ أَلَمْ يَعِدْكُمْ رَبُّكُمْ وَعْدًا حَسَنًا ۚ أَفَطَالَ عَلَيْكُمُ ٱلْعَهْدُ أَمْ أَرَدتُّمْ أَن يَحِلَّ عَلَيْكُمْ غَضَبٌۭ مِّن رَّبِّكُمْ فَأَخْلَفْتُم مَّوْعِدِى ﴿٨٦﴾
তাৰ পিছত মুছাই তেওঁৰ সম্প্ৰদায়ৰ ওচৰত ক্ৰুদ্ধ আৰু ক্ষুব্ধ হৈ উভতি আহিল। তেওঁ ক’লে, ‘হে মোৰ সম্প্ৰদায়! তোমালোকৰ প্ৰতিপালকে তোমালোকক এটা উত্তম প্ৰতিশ্ৰুতি দিয়া নাছিলনে? তেন্তে তোমালোকৰ ওচৰত প্ৰতিশ্ৰুতিৰ সময় সুদীৰ্ঘ হৈছে নেকি? নে তোমালোকে তোমালোকৰ প্ৰতিপালকৰ ক্ৰোধ আপতিত হোৱাটো কামনা কৰা? এইকাৰণেই তোমালোকে মোক দিয়া অংগীকাৰ ভংগ কৰিলানে’?
قَالُواْ مَآ أَخْلَفْنَا مَوْعِدَكَ بِمَلْكِنَا وَلَٰكِنَّا حُمِّلْنَآ أَوْزَارًۭا مِّن زِينَةِ ٱلْقَوْمِ فَقَذَفْنَٰهَا فَكَذَٰلِكَ أَلْقَى ٱلسَّامِرِىُّ ﴿٨٧﴾
সিহঁতে ক’লে, ‘আমি আপোনাক দিয়া অঙ্গীকাৰ ইচ্ছা কৰি ভংগ কৰা নাই, কিন্তু আমাৰ ওপৰত মানুহৰ অলংকাৰৰ বোজা চপাই দিয়া হৈছিল। সেয়ে আমি সেইবোৰক জুইত নিক্ষেপ কৰিছোঁ, এইদৰে ছামেৰীয়েও (তাত অলপ মাটি) নিক্ষেপ কৰিছিল।
فَأَخْرَجَ لَهُمْ عِجْلًۭا جَسَدًۭا لَّهُۥ خُوَارٌۭ فَقَالُواْ هَٰذَآ إِلَٰهُكُمْ وَإِلَٰهُ مُوسَىٰ فَنَسِىَ ﴿٨٨﴾
‘তাৰ পিছত সিহঁতৰ বাবে সি এটা দামুৰী সাজিছিল, এটা অৱয়ব, যিটোৱে গৰুৰ দৰে হাম্বা হাম্বা কৰিছিল’। তেতিয়া সিহঁতে কৈছিল, ‘এইটোৱে তোমালোকৰ ইলাহ আৰু মুছাৰো ইলাহ, কিন্তু সি (মুছাই) পাহৰি গৈছে’।
أَفَلَا يَرَوْنَ أَلَّا يَرْجِعُ إِلَيْهِمْ قَوْلًۭا وَلَا يَمْلِكُ لَهُمْ ضَرًّۭا وَلَا نَفْعًۭا ﴿٨٩﴾
সিহঁতে দেখা নাইনে, এইটোৱে যে সিহঁতৰ কোনো প্ৰত্যুত্তৰ দিব নোৱাৰে আৰু সিহঁতৰ কোনো ক্ষতি বা উপকাৰ সাধন কৰাৰো ক্ষমতা নাৰাখে?
وَلَقَدْ قَالَ لَهُمْ هَٰرُونُ مِن قَبْلُ يَٰقَوْمِ إِنَّمَا فُتِنتُم بِهِۦ ۖ وَإِنَّ رَبَّكُمُ ٱلرَّحْمَٰنُ فَٱتَّبِعُونِى وَأَطِيعُوٓاْ أَمْرِى ﴿٩٠﴾
নিশ্চয় হাৰূনে সিহঁতক আগতেই কৈছিল, ‘হে মোৰ সম্প্ৰদায়! ইয়াৰ দ্বাৰা তোমালোকক কেৱল পৰীক্ষাৰ সন্মুখীন কৰা হৈছে। নিশ্চয় তোমালোকৰ প্ৰতিপালক অতি দয়ালু; সেয়ে তোমালোকে মোৰ অনুসৰণ কৰা আৰু মোৰ আদেশ মানি চলা’।
قَالُواْ لَن نَّبْرَحَ عَلَيْهِ عَٰكِفِينَ حَتَّىٰ يَرْجِعَ إِلَيْنَا مُوسَىٰ ﴿٩١﴾
(কিন্তু) সিহঁতে কৈছিল, ‘আমাৰ ওচৰলৈ মুছা উভতি নহালৈকে আমি ইয়াৰ পূজা-পাঠৰ পৰা বিৰত নহওঁ’।
قَالَ يَٰهَٰرُونُ مَا مَنَعَكَ إِذْ رَأَيْتَهُمْ ضَلُّوٓاْ ﴿٩٢﴾
মুছাই ক’লে, ‘হে হাৰূন! তুমি যেতিয়া দেখিছিলা যে, সিহঁত পথভ্ৰষ্ট হৈছে তথাপিও তোমাক কিহে বিৰত ৰাখিছিল--
أَلَّا تَتَّبِعَنِ ۖ أَفَعَصَيْتَ أَمْرِى ﴿٩٣﴾
‘যে তুমি মোৰ অনুসৰণ নকৰিলা? তেন্তে তুমি মোৰ আদেশ অমান্য কৰিলা নেকি’?
قَالَ يَبْنَؤُمَّ لَا تَأْخُذْ بِلِحْيَتِى وَلَا بِرَأْسِىٓ ۖ إِنِّى خَشِيتُ أَن تَقُولَ فَرَّقْتَ بَيْنَ بَنِىٓ إِسْرَٰٓءِيلَ وَلَمْ تَرْقُبْ قَوْلِى ﴿٩٤﴾
হাৰূনে ক’লে, ‘হে মোৰ সহোদৰ! আপুনি মোৰ দাড়ি আৰু চুলিত নধৰিব। নিশ্চয় মই আশংকা কৰিছিলোঁ যে, আপুনি এই বুলি ক'ব, ‘তুমিয়ে বনী ইছৰাঈলৰ মাজত বিভেদ সৃষ্টি কৰিছা আৰু মোৰ কথাত যত্নৱান হোৱা নাছিলা’।
قَالَ فَمَا خَطْبُكَ يَٰسَٰمِرِىُّ ﴿٩٥﴾
মুছাই ক’লে, ‘হে ছামেৰী! তোমাৰ কি অৱস্থা’?
قَالَ بَصُرْتُ بِمَا لَمْ يَبْصُرُواْ بِهِۦ فَقَبَضْتُ قَبْضَةًۭ مِّنْ أَثَرِ ٱلرَّسُولِ فَنَبَذْتُهَا وَكَذَٰلِكَ سَوَّلَتْ لِى نَفْسِى ﴿٩٦﴾
সি ক’লে, ‘মই যি দেখিছিলোঁ সিহঁতে সেয়া দেখা নাছিল, তাৰ পিছত মই সেই দূতৰ পদচিহ্নৰ পৰা এমুঠি মাটি লৈছিলোঁ, সেইটোৱে মই নিক্ষেপ কৰিছিলোঁ, আৰু মোৰ মনে মোৰ বাবে এইটো কৰিবলৈ শোভনীয় কৰি দিছিল’।
قَالَ فَٱذْهَبْ فَإِنَّ لَكَ فِى ٱلْحَيَوٰةِ أَن تَقُولَ لَا مِسَاسَ ۖ وَإِنَّ لَكَ مَوْعِدًۭا لَّن تُخْلَفَهُۥ ۖ وَٱنظُرْ إِلَىٰٓ إِلَٰهِكَ ٱلَّذِى ظَلْتَ عَلَيْهِ عَاكِفًۭا ۖ لَّنُحَرِّقَنَّهُۥ ثُمَّ لَنَنسِفَنَّهُۥ فِى ٱلْيَمِّ نَسْفًا ﴿٩٧﴾
মুছাই ক’লে, ‘আঁতৰি যোৱা, তুমি ওৰে জীৱন এইটোৱে কৈ থাকিবা, ‘মই অস্পৃশ্য’, আৰু তোমাৰ বাবে থাকিল এটা নিৰ্দিষ্ট সময়, যিটো কেতিয়াও ব্যতিক্ৰম নহ’ব। লগতে তুমি তোমাৰ সেই ইলাহৰ প্ৰতি লক্ষ্য কৰা, যাৰ পূজাত তুমি আসক্ত আছিলা, সেইটোক আমি ভষ্ম কৰিম, তাৰ পিছত তাক বিক্ষিপ্ত কৰি সাগৰত ছটিয়াই দিম’।
إِنَّمَآ إِلَٰهُكُمُ ٱللَّهُ ٱلَّذِى لَآ إِلَٰهَ إِلَّا هُوَ ۚ وَسِعَ كُلَّ شَىْءٍ عِلْمًۭا ﴿٩٨﴾
তোমালোকৰ ইলাহ কেৱল একমাত্ৰ আল্লাহ, যাৰ বাহিৰে আন কোনো সত্য ইলাহ নাই, সকলো বস্তু তেওঁৰ জ্ঞানৰ পৰিধিভুক্ত।
كَذَٰلِكَ نَقُصُّ عَلَيْكَ مِنْ أَنۢبَآءِ مَا قَدْ سَبَقَ ۚ وَقَدْ ءَاتَيْنَٰكَ مِن لَّدُنَّا ذِكْرًۭا ﴿٩٩﴾
পূৰ্বে যি সংঘটিত হৈছে তাৰে কিছু সংবাদ এইদৰে আমি তোমাৰ ওচৰত বৰ্ণনা কৰোঁ, আৰু আমি তোমাক আমাৰ তৰফৰ পৰা দান কৰিছোঁ উপদেশবাণী (কোৰআন)।
مَّنْ أَعْرَضَ عَنْهُ فَإِنَّهُۥ يَحْمِلُ يَوْمَ ٱلْقِيَٰمَةِ وِزْرًا ﴿١٠٠﴾
ইয়াৰ পৰা যিয়ে বিমুখ হ’ব, নিশ্চয় সি কিয়ামতৰ দিনা (পাপকৰ্মৰ) মহা ভাৰ বহন কৰিব।
خَٰلِدِينَ فِيهِ ۖ وَسَآءَ لَهُمْ يَوْمَ ٱلْقِيَٰمَةِ حِمْلًۭا ﴿١٠١﴾
তাত সিহঁতে স্থায়ী হ’ব আৰু কিয়ামতৰ দিনা সিহঁতৰ বাবে এই বোজা কিমান যে বেয়া হ’ব!
يَوْمَ يُنفَخُ فِى ٱلصُّورِ ۚ وَنَحْشُرُ ٱلْمُجْرِمِينَ يَوْمَئِذٍۢ زُرْقًۭا ﴿١٠٢﴾
যিদিনা শিঙাত ফুঁ দিয়া হ’ব আৰু সেইদিনা আমি অপৰাধীবিলাকক দৃষ্টিহীন অৱস্থাত সমবেত কৰিম।
يَتَخَٰفَتُونَ بَيْنَهُمْ إِن لَّبِثْتُمْ إِلَّا عَشْرًۭا ﴿١٠٣﴾
সেইদিনা সিহঁতে পৰস্পৰে ফুচ-ফুচাই ক’ব, ‘তোমালোকে (পৃথিৱীত) মাত্ৰ দহদিনহে অৱস্থান কৰিছিলা’।
نَّحْنُ أَعْلَمُ بِمَا يَقُولُونَ إِذْ يَقُولُ أَمْثَلُهُمْ طَرِيقَةً إِن لَّبِثْتُمْ إِلَّا يَوْمًۭا ﴿١٠٤﴾
আমি ভালদৰেই জানো সিহঁতে কি ক’ব, সিহঁতৰ মাজৰ যিয়ে সৰ্বাপেক্ষা বেছি উত্তমপথত আছিল (বিবেকৱান ব্যক্তি) সি ক’ব, ‘তোমালোকে মাত্ৰ এদিনহে অৱস্থান কৰিছিলা’।
وَيَسْـَٔلُونَكَ عَنِ ٱلْجِبَالِ فَقُلْ يَنسِفُهَا رَبِّى نَسْفًۭا ﴿١٠٥﴾
আৰু সিহঁতে তোমাক পৰ্বতসমূহৰ বিষয়ে সোধে। কোৱা, ‘মোৰ প্ৰতিপালকে এইবোৰক সমূলি উৎপাটন কৰি বিক্ষিপ্ত কৰি দিব।
فَيَذَرُهَا قَاعًۭا صَفْصَفًۭا ﴿١٠٦﴾
‘তাৰ পিছত তেওঁ ইয়াক মসৃণ সমতল পথাৰত পৰিণত কৰিব,
لَّا تَرَىٰ فِيهَا عِوَجًۭا وَلَآ أَمْتًۭا ﴿١٠٧﴾
‘য’ত তুমি বক্ৰতা আৰু খলা-বমা একোৱে দেখা নাপাবা’।
يَوْمَئِذٍۢ يَتَّبِعُونَ ٱلدَّاعِىَ لَا عِوَجَ لَهُۥ ۖ وَخَشَعَتِ ٱلْأَصْوَاتُ لِلرَّحْمَٰنِ فَلَا تَسْمَعُ إِلَّا هَمْسًۭا ﴿١٠٨﴾
সেইদিনা সিহঁতে আহ্বানকাৰীৰ অনুসৰণ কৰিব, এই বিষয়ে কোনোৱেই ইফাল-সিফাল কৰিব নোৱাৰিব। ৰহমানৰ সন্মুখত সকলো শব্দ স্তব্ধ হৈ যাব; সেয়ে মৃদু ধ্বনিৰ বাহিৰে তুমি একো শুনা নাপাবা।
يَوْمَئِذٍۢ لَّا تَنفَعُ ٱلشَّفَٰعَةُ إِلَّا مَنْ أَذِنَ لَهُ ٱلرَّحْمَٰنُ وَرَضِىَ لَهُۥ قَوْلًۭا ﴿١٠٩﴾
ৰহমানে যাক অনুমতি দিব আৰু যাৰ কথাত তেওঁ সন্তুষ্ট হ’ব, তাৰ বাহিৰে আন কাৰো চুপাৰিছ সেইদিনা কোনো কামত নাহিব।
يَعْلَمُ مَا بَيْنَ أَيْدِيهِمْ وَمَا خَلْفَهُمْ وَلَا يُحِيطُونَ بِهِۦ عِلْمًۭا ﴿١١٠﴾
সিহঁতৰ সন্মুখত আৰু পিচফালে যি আছে, সেয়া তেওঁ অৱগত, কিন্তু সিহঁতে জ্ঞানৰ দ্বাৰা তেওঁক বেষ্টন কৰিব নোৱাৰে।
۞ وَعَنَتِ ٱلْوُجُوهُ لِلْحَىِّ ٱلْقَيُّومِ ۖ وَقَدْ خَابَ مَنْ حَمَلَ ظُلْمًۭا ﴿١١١﴾
আৰু চিৰঞ্জীৱ, চিৰপ্ৰতিষ্ঠিত-সৰ্বসত্তাৰ ধাৰকৰ ওচৰত সকলোৱে নিম্নমুখী হ'ব, লগতে নিশ্চয় সি ব্যৰ্থ হ'ব যিয়ে যুলুম (অন্যায়) বহন কৰিব।
وَمَن يَعْمَلْ مِنَ ٱلصَّٰلِحَٰتِ وَهُوَ مُؤْمِنٌۭ فَلَا يَخَافُ ظُلْمًۭا وَلَا هَضْمًۭا ﴿١١٢﴾
আৰু যিয়ে মুমিন হৈ সৎকৰ্ম কৰিব, তাৰ বাবে অবিচাৰ তথা কোনো ক্ষতিৰ আশংকা নাই।
وَكَذَٰلِكَ أَنزَلْنَٰهُ قُرْءَانًا عَرَبِيًّۭا وَصَرَّفْنَا فِيهِ مِنَ ٱلْوَعِيدِ لَعَلَّهُمْ يَتَّقُونَ أَوْ يُحْدِثُ لَهُمْ ذِكْرًۭا ﴿١١٣﴾
আৰু এইদৰেই আমি আৰবী ভাষাত কোৰআন অৱতীৰ্ণ কৰিছোঁ আৰু তাত বিশদভাৱে সতৰ্কবাণী বিবৃত কৰিছোঁ, যাতে সিহঁতে তাক্বৱা অৱলম্বন কৰে অথবা এইটোৱে সিহঁতৰ মাজত স্মৰণিকাৰ উৎপত্তি কৰে।
فَتَعَٰلَى ٱللَّهُ ٱلْمَلِكُ ٱلْحَقُّ ۗ وَلَا تَعْجَلْ بِٱلْقُرْءَانِ مِن قَبْلِ أَن يُقْضَىٰٓ إِلَيْكَ وَحْيُهُۥ ۖ وَقُل رَّبِّ زِدْنِى عِلْمًۭا ﴿١١٤﴾
এতেকে প্ৰকৃত মালিক কেৱল আল্লাহ, অতি মহান, সৰ্বোচ্চ সত্তা। তোমাৰ প্ৰতি আল্লাহৰ অহী সম্পূৰ্ণ হোৱাৰ আগতেই তুমি কোৰআন পাঠ কৰিবলৈ খৰখেদা নকৰিবা আৰু কোৱা, ‘হে মোৰ প্ৰতিপালক! মোৰ জ্ঞান বৃদ্ধি কৰি দিয়া’।
وَلَقَدْ عَهِدْنَآ إِلَىٰٓ ءَادَمَ مِن قَبْلُ فَنَسِىَ وَلَمْ نَجِدْ لَهُۥ عَزْمًۭا ﴿١١٥﴾
আৰু নিশ্চয় ইয়াৰ পূৰ্বে আমি আদমৰ প্ৰতি নিৰ্দেশ দান কৰিছিলোঁ, কিন্তু তেওঁ পাহৰি গৈছিল, আৰু আমি তেওঁৰ সংকল্পত দৃঢ়তা পোৱা নাছিলোঁ।
وَإِذْ قُلْنَا لِلْمَلَٰٓئِكَةِ ٱسْجُدُواْ لِءَادَمَ فَسَجَدُوٓاْ إِلَّآ إِبْلِيسَ أَبَىٰ ﴿١١٦﴾
আৰু স্মৰণ কৰা, যেতিয়া আমি ফিৰিস্তাসকলক ক’লোঁ, ‘তোমালোকে আদমৰ প্ৰতি ছাজদাহ কৰা, তেতিয়া ইবলীছৰ বাহিৰে সকলোৱে ছাজদাহ কৰিলে; কিন্তু সি অমান্য কৰিলে।
فَقُلْنَا يَٰٓـَٔادَمُ إِنَّ هَٰذَا عَدُوٌّۭ لَّكَ وَلِزَوْجِكَ فَلَا يُخْرِجَنَّكُمَا مِنَ ٱلْجَنَّةِ فَتَشْقَىٰٓ ﴿١١٧﴾
তাৰ পিছত আমি ক’লোঁ, ‘হে আদম! নিশ্চয় ই হৈছে তোমাৰ আৰু তোমাৰ স্ত্ৰীৰ শত্ৰু, গতিকে সি যাতে কোনোমতেই তোমালোকক জান্নাতৰ পৰা বহিষ্কাৰ কৰাব নোৱাৰে, এনে কৰিলে তোমালোকে বিপদত পৰিবা।
إِنَّ لَكَ أَلَّا تَجُوعَ فِيهَا وَلَا تَعْرَىٰ ﴿١١٨﴾
নিশ্চয় তোমাৰ বাবে জান্নাতত এই ব্যৱস্থা দিয়া হ’ল যে, তুমি ইয়াত ক্ষুধাৰ্তও নহ’বা আৰু বিবস্ত্ৰও নহ’বা।
وَأَنَّكَ لَا تَظْمَؤُاْ فِيهَا وَلَا تَضْحَىٰ ﴿١١٩﴾
‘আৰু নিশ্চয় তুমি তাত তৃষ্ণাতুৰো নহ’বা, ৰ’দতো আক্ৰান্ত নহ’বা’।
فَوَسْوَسَ إِلَيْهِ ٱلشَّيْطَٰنُ قَالَ يَٰٓـَٔادَمُ هَلْ أَدُلُّكَ عَلَىٰ شَجَرَةِ ٱلْخُلْدِ وَمُلْكٍۢ لَّا يَبْلَىٰ ﴿١٢٠﴾
তাৰ পিছত চয়তানে তেওঁক কুমন্ত্ৰণা দিলে; সি ক’লে, ‘হে আদম! মই তোমাক সেইজোপা গছ দেখুৱামনে যিজোপাৰ দ্বাৰা অমৰত্ব আৰু অক্ষয় ৰাজত্ব লাভ কৰা যায়’?
فَأَكَلَا مِنْهَا فَبَدَتْ لَهُمَا سَوْءَٰتُهُمَا وَطَفِقَا يَخْصِفَانِ عَلَيْهِمَا مِن وَرَقِ ٱلْجَنَّةِ ۚ وَعَصَىٰٓ ءَادَمُ رَبَّهُۥ فَغَوَىٰ ﴿١٢١﴾
অৱশেষত তেওঁলোক (স্বামী-স্ত্ৰী) উভয়ে সেই গছজোপাৰ পৰা (ফল) খালে; লগে লগে তেওঁলোকৰ লজ্জাস্থান তেওঁলোকৰ ওচৰত প্ৰকাশ হৈ গ’ল, আৰু তেওঁলোকে জান্নাতৰ গছৰ পাতেৰে নিজকে আবৃত কৰিবলৈ ধৰিলে, আৰু আদমে তেওঁৰ প্ৰতিপালকৰ আদেশ অমান্য কৰিলে, ফলত তেওঁ পথভ্ৰান্ত হৈ গ’ল।
ثُمَّ ٱجْتَبَٰهُ رَبُّهُۥ فَتَابَ عَلَيْهِ وَهَدَىٰ ﴿١٢٢﴾
তাৰ পিছত তেওঁৰ প্ৰতিপালকে তেওঁক মনোনীত কৰিলে, ফলত তেওঁৰ তাওবা কবুল কৰিলে আৰু তেওঁক পথনিৰ্দেশ কৰিলে।
قَالَ ٱهْبِطَا مِنْهَا جَمِيعًۢا ۖ بَعْضُكُمْ لِبَعْضٍ عَدُوٌّۭ ۖ فَإِمَّا يَأْتِيَنَّكُم مِّنِّى هُدًۭى فَمَنِ ٱتَّبَعَ هُدَاىَ فَلَا يَضِلُّ وَلَا يَشْقَىٰ ﴿١٢٣﴾
তেওঁ ক’লে, ‘তোমালোকে উভয়ে একেলগে জান্নাতৰ পৰা নামি যোৱা। তোমালোকে পৰস্পৰে পৰস্পৰৰ শত্ৰু। সেয়ে যদি মোৰ তৰফৰ পৰা তোমালোকৰ ওচৰলৈ সৎপথৰ নিৰ্দেশ আহি পায়, যিয়ে মোৰ প্ৰদৰ্শিত সৎপথৰ অনুসৰণ কৰিব সি বিপথগামী নহ’ব আৰু দুৰ্দশাগ্ৰস্তও নহ’ব।
وَمَنْ أَعْرَضَ عَن ذِكْرِى فَإِنَّ لَهُۥ مَعِيشَةًۭ ضَنكًۭا وَنَحْشُرُهُۥ يَوْمَ ٱلْقِيَٰمَةِ أَعْمَىٰ ﴿١٢٤﴾
‘আৰু যিয়ে মোৰ স্মৰণৰ পৰা বিমুখ থাকিব, নিশ্চয় তাৰ জীৱন-যাপন হ'ব সংকুচিত আৰু আমি তাক কিয়ামতৰ দিনা অন্ধ অৱস্থাত উত্থিত কৰিম’।
قَالَ رَبِّ لِمَ حَشَرْتَنِىٓ أَعْمَىٰ وَقَدْ كُنتُ بَصِيرًۭا ﴿١٢٥﴾
সি ক’ব, ‘হে মোৰ প্ৰতিপালক! কিয় মোক অন্ধ অৱস্থাত উত্থিত কৰিলা? অথচ মই দৃষ্টিশক্তি সম্পন্ন আছিলোঁ’।
قَالَ كَذَٰلِكَ أَتَتْكَ ءَايَٰتُنَا فَنَسِيتَهَا ۖ وَكَذَٰلِكَ ٱلْيَوْمَ تُنسَىٰ ﴿١٢٦﴾
তেওঁ ক’ব, ‘এইদৰেই তোমাৰ ওচৰলৈ আমাৰ নিদৰ্শনাৱলী আহিছিল, কিন্তু তুমি তাক এৰি দিছিলা, ঠিক সেইদৰে আজি তোমাকো (জাহান্নামত) এৰি দিয়া হ’ব’।
وَكَذَٰلِكَ نَجْزِى مَنْ أَسْرَفَ وَلَمْ يُؤْمِنۢ بِـَٔايَٰتِ رَبِّهِۦ ۚ وَلَعَذَابُ ٱلْءَاخِرَةِ أَشَدُّ وَأَبْقَىٰٓ ﴿١٢٧﴾
আৰু এইদৰেই আমি প্ৰতিফল দিওঁ যিয়ে সীমালঙ্ঘন কৰে আৰু নিজ প্ৰতিপালকৰ নিদৰ্শনাৱলীক বিশ্বাস নকৰে। অৱশ্যে আখিৰাতৰ শাস্তি আৰু বেছি কঠোৰ, লগতে অধিক স্থায়ী।
أَفَلَمْ يَهْدِ لَهُمْ كَمْ أَهْلَكْنَا قَبْلَهُم مِّنَ ٱلْقُرُونِ يَمْشُونَ فِى مَسَٰكِنِهِمْ ۗ إِنَّ فِى ذَٰلِكَ لَءَايَٰتٍۢ لِّأُوْلِى ٱلنُّهَىٰ ﴿١٢٨﴾
এইটোৱেও সিহঁতক সৎপথ নেদেখুৱালেনে যে, আমি সিহঁতৰ পূৰ্বে বহুতো মানৱগোষ্ঠীক ধ্বংস কৰিছোঁ, যিসকলৰ বাসভূমিত সিহঁতে বিচৰণ কৰি থাকে? নিশ্চয় ইয়াত বিবেকসম্পন্ন ব্যক্তিসকলৰ বাবে আছে নিদৰ্শন।
وَلَوْلَا كَلِمَةٌۭ سَبَقَتْ مِن رَّبِّكَ لَكَانَ لِزَامًۭا وَأَجَلٌۭ مُّسَمًّۭى ﴿١٢٩﴾
যদি তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা পূৰ্ব সিদ্ধান্ত আৰু এটা সময় নিৰ্ধাৰিত নাথাকিলহেঁতেন, তেন্তে আশু শাস্তি অৱশ্যম্ভাৱী হ’লহেঁতেন।
فَٱصْبِرْ عَلَىٰ مَا يَقُولُونَ وَسَبِّحْ بِحَمْدِ رَبِّكَ قَبْلَ طُلُوعِ ٱلشَّمْسِ وَقَبْلَ غُرُوبِهَا ۖ وَمِنْ ءَانَآئِ ٱلَّيْلِ فَسَبِّحْ وَأَطْرَافَ ٱلنَّهَارِ لَعَلَّكَ تَرْضَىٰ ﴿١٣٠﴾
সেয়ে সিহঁতে যি কয়, সেই বিষয়ে তুমি ধৈৰ্য্য ধাৰণ কৰা, লগতে সূৰ্যোদয়ৰ আগত আৰু সূৰ্যাস্তৰৰ আগত তোমাৰ প্ৰতিপালকৰ প্ৰশংসাৰ সৈতে পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰা আৰু ৰাতিতো তাছবীহ পাঠ কৰা, আৰু দিনৰ প্ৰান্তসমূহতো, যাতে তুমি সন্তুষ্ট হ’ব পাৰা।
وَلَا تَمُدَّنَّ عَيْنَيْكَ إِلَىٰ مَا مَتَّعْنَا بِهِۦٓ أَزْوَٰجًۭا مِّنْهُمْ زَهْرَةَ ٱلْحَيَوٰةِ ٱلدُّنْيَا لِنَفْتِنَهُمْ فِيهِ ۚ وَرِزْقُ رَبِّكَ خَيْرٌۭ وَأَبْقَىٰ ﴿١٣١﴾
আৰু তুমি তোমাৰ দুচকু কেতিয়াও প্ৰসাৰিত নকৰিবা সেইবোৰৰ প্ৰতি, যিবোৰ আমি সিহঁতৰ বিভিন্ন শ্ৰেণীক পাৰ্থিৱ জীৱনৰ সৌন্দৰ্যস্বৰূপ উপভোগৰ উপকৰণ হিচাপে প্ৰদান কৰিছোঁ, যাতে আমি সেইবোৰৰ দ্বাৰা সিহঁতক পৰীক্ষা কৰিব পাৰোঁ।(জানি থোৱা) তোমাৰ প্ৰতিপালকে দিয়া জীৱিকাই হৈছে সৰ্বোৎকৃষ্ট আৰু অধিক স্থায়ী।
وَأْمُرْ أَهْلَكَ بِٱلصَّلَوٰةِ وَٱصْطَبِرْ عَلَيْهَا ۖ لَا نَسْـَٔلُكَ رِزْقًۭا ۖ نَّحْنُ نَرْزُقُكَ ۗ وَٱلْعَٰقِبَةُ لِلتَّقْوَىٰ ﴿١٣٢﴾
তুমি তোমাৰ পৰিয়ালবৰ্গক ছালাতৰ আদেশ দিয়া আৰু নিজেও তাৰ ওপৰত অবিচল থাকা; আমি তোমাৰ ওচৰত কোনো জীৱিকা নিবিচাৰোঁ, আমিয়েই তোমাক জীৱিকা দান কৰোঁ; আৰু শুভ পৰিণাম কেৱল তাক্বৱাৰ ভিতৰতেই নিহিত।
وَقَالُواْ لَوْلَا يَأْتِينَا بِـَٔايَةٍۢ مِّن رَّبِّهِۦٓ ۚ أَوَلَمْ تَأْتِهِم بَيِّنَةُ مَا فِى ٱلصُّحُفِ ٱلْأُولَىٰ ﴿١٣٣﴾
আৰু সিহঁতে কয়, ‘সি তাৰ প্ৰতিপালকৰ পৰা আমাৰ ওচৰলৈ কোনো নিদৰ্শন লৈ নাহে কিয়’? সিহঁতৰ ওচৰত সুস্পষ্ট প্ৰমাণ অহা নাইনে যিবোৰ পূৰ্বৰ গ্ৰন্থসমূহত আছে?
وَلَوْ أَنَّآ أَهْلَكْنَٰهُم بِعَذَابٍۢ مِّن قَبْلِهِۦ لَقَالُواْ رَبَّنَا لَوْلَآ أَرْسَلْتَ إِلَيْنَا رَسُولًۭا فَنَتَّبِعَ ءَايَٰتِكَ مِن قَبْلِ أَن نَّذِلَّ وَنَخْزَىٰ ﴿١٣٤﴾
আৰু যদি আমি সিহঁতক ইয়াৰ পূৰ্বেই শাস্তিৰ দ্বাৰা ধ্বংস কৰিলোঁহেঁতেন, তেন্তে নিশ্চয় সিহঁতে ক’লেহেঁতেন, ‘হে আমাৰ প্ৰতিপালক! তুমি আমাৰ ওচৰলৈ ৰাছুল নপঠালা কিয়? তেতিয়া আমি লাঞ্ছিত আৰু অপমানিত হোৱাৰ আগতেই তোমাৰ নিদৰ্শনাৱলীৰ অনুসৰণ কৰিলোঁহেঁতেন’।
قُلْ كُلٌّۭ مُّتَرَبِّصٌۭ فَتَرَبَّصُواْ ۖ فَسَتَعْلَمُونَ مَنْ أَصْحَٰبُ ٱلصِّرَٰطِ ٱلسَّوِىِّ وَمَنِ ٱهْتَدَىٰ ﴿١٣٥﴾
কোৱা, ‘প্ৰত্যেকেই প্ৰতীক্ষা কৰি আছে, গতিকে তোমালোকেও প্ৰতীক্ষা কৰা। তাৰ পিছত অচিৰেই তোমালোকে জানিব পাৰিবা সৰল পথত কোন আছে আৰু কোনে সৎপথ অৱলম্বন কৰিছে’।
English
Chinese
Spanish
Portuguese
Russian
Japanese
French
German
Italian
Hindi
Korean
Indonesian
Bengali
Albanian
Bosnian
Dutch
Malayalam
Romanian