অসমীয়া
Surah Al-Burooj ( The Big Stars ) - Aya count 22
وَٱلسَّمَآءِ ذَاتِ ٱلْبُرُوجِ ﴿١﴾
وَٱلْيَوْمِ ٱلْمَوْعُودِ ﴿٢﴾
শপত প্ৰতিশ্ৰুতিকৃত দিৱসৰ,
وَشَاهِدٍۢ وَمَشْهُودٍۢ ﴿٣﴾
قُتِلَ أَصْحَٰبُ ٱلْأُخْدُودِ ﴿٤﴾
অভিশপ্ত হৈছিল অগ্নিকুণ্ডৰ অধিপতিসকল,
ٱلنَّارِ ذَاتِ ٱلْوَقُودِ ﴿٥﴾
إِذْ هُمْ عَلَيْهَا قُعُودٌۭ ﴿٦﴾
যেতিয়া সিহঁত ইয়াৰ কাষত উপবিষ্ট আছিল;
وَهُمْ عَلَىٰ مَا يَفْعَلُونَ بِٱلْمُؤْمِنِينَ شُهُودٌۭ ﴿٧﴾
আৰু সিহঁতে মুমিনসকলৰ লগত যি কৰিছিল সেয়া প্ৰত্যক্ষ কৰিছিল।
وَمَا نَقَمُواْ مِنْهُمْ إِلَّآ أَن يُؤْمِنُواْ بِٱللَّهِ ٱلْعَزِيزِ ٱلْحَمِيدِ ﴿٨﴾
আৰু সিহঁতে তেওঁলোকক নিৰ্যাতন কৰিছিল কেৱল এই কাৰণে যে, তেওঁলোকে ঈমান আনিছিল পৰাক্ৰমশালী আৰু প্ৰশংসাৰ যোগ্য আল্লাহৰ ওপৰত,
ٱلَّذِى لَهُۥ مُلْكُ ٱلسَّمَٰوَٰتِ وَٱلْأَرْضِ ۚ وَٱللَّهُ عَلَىٰ كُلِّ شَىْءٍۢ شَهِيدٌ ﴿٩﴾
যাৰ অধিকাৰত আছে আকাশ আৰু পৃথিৱীৰ সাৰ্বভৌম কৰ্তৃত্ব; আৰু আল্লাহ সকলো বস্তুৰ প্ৰত্যক্ষদৰ্শী।
إِنَّ ٱلَّذِينَ فَتَنُواْ ٱلْمُؤْمِنِينَ وَٱلْمُؤْمِنَٰتِ ثُمَّ لَمْ يَتُوبُواْ فَلَهُمْ عَذَابُ جَهَنَّمَ وَلَهُمْ عَذَابُ ٱلْحَرِيقِ ﴿١٠﴾
নিশ্চয় যিসকলে মুমিন পুৰুষ আৰু মুমিনা নাৰীসকলক বিপদাপন্ন কৰিছে তাৰ পিছত তাওবা কৰা নাই, সিহঁতৰ বাবে আছে জাহান্নামৰ শাস্তি, লগতে সিহঁতৰ বাবে আছে দহন যন্ত্ৰণা।
إِنَّ ٱلَّذِينَ ءَامَنُواْ وَعَمِلُواْ ٱلصَّٰلِحَٰتِ لَهُمْ جَنَّٰتٌۭ تَجْرِى مِن تَحْتِهَا ٱلْأَنْهَٰرُ ۚ ذَٰلِكَ ٱلْفَوْزُ ٱلْكَبِيرُ ﴿١١﴾
নিশ্চয় যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে তেওঁলোকৰ বাবে আছে জান্নাত, যাৰ তলত নদীমালা প্ৰবাহিত; এইটোৱে হৈছে মহা সফলতা।
إِنَّ بَطْشَ رَبِّكَ لَشَدِيدٌ ﴿١٢﴾
নিশ্চয় তোমাৰ প্ৰতিপালকৰ কৰায়ত্ব অতি কঠোৰ।
إِنَّهُۥ هُوَ يُبْدِئُ وَيُعِيدُ ﴿١٣﴾
তেৱেঁই অস্তিত্ব প্ৰদান কৰে আৰু তেৱেঁই পুনৰাৱৰ্তন ঘটায়,
وَهُوَ ٱلْغَفُورُ ٱلْوَدُودُ ﴿١٤﴾
নিশ্চয় তেওঁ ক্ষমাশীল, অতি স্নেহশীল।
ذُو ٱلْعَرْشِ ٱلْمَجِيدُ ﴿١٥﴾
আৰছৰ অধিপতি, মহা সন্মানীয়।
فَعَّالٌۭ لِّمَا يُرِيدُ ﴿١٦﴾
তেওঁ যি বিচাৰে সেইটোৱে কৰে।
هَلْ أَتَىٰكَ حَدِيثُ ٱلْجُنُودِ ﴿١٧﴾
তোমাৰ ওচৰলৈ সৈন্যবাহিনীৰ বৃত্তান্ত আহি পাইছেনে?
فِرْعَوْنَ وَثَمُودَ ﴿١٨﴾
بَلِ ٱلَّذِينَ كَفَرُواْ فِى تَكْذِيبٍۢ ﴿١٩﴾
তথাপিও কাফিৰসকল মিথ্যাৰোপ কৰাত লিপ্ত;
وَٱللَّهُ مِن وَرَآئِهِم مُّحِيطٌۢ ﴿٢٠﴾
আৰু আল্লাহে সিহঁতক কেউফালৰ পৰা পৰিবেষ্টন কৰি আছে।
بَلْ هُوَ قُرْءَانٌۭ مَّجِيدٌۭ ﴿٢١﴾
প্ৰকৃততে এইখন হৈছে সন্মানিত কোৰআন,
فِى لَوْحٍۢ مَّحْفُوظٍۭ ﴿٢٢﴾